Job 25

বিল্দদৰ তৃতীয় বক্তৃতা।

1তাতে চুহীয়া বিলদদে পুনৰায় উত্তৰ কৰি ক’লে, 2প্ৰভূত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে; তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে। 3তেওঁৰ বাহিনীবিলাকৰ সংখ্যা আছে নে ? আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?

4তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্ম্মিক হ’ব পাৰে ? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে? 5চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়, আৰু তৰাবোৰো নিৰ্ম্মল নহয়। তেন্তে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়! আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!

6

Copyright information for AsmULB